By - Ankita Saikia
![]() |
Image source: Google |
বাৰিষাৰ বৰষুণজাকৰ
সেই উন্মাদ গীত
মনত পৰে।
চকুৰ কাজলখিনিও
তাৰ স্পৰ্শত যেন
ধূসৰিত হৈ সৰে!
হৃদয়ত আজি তীব্ৰতৰ হৈছে
উজাগৰী নৈশযাপনৰ
স্নিগ্ধ আবেগ!
লগতে বতাহেও কঢ়িয়াব নোৱাৰা
অনুভূতিৰ গভীৰতা।
কৃষ্ণপক্ষত বাঢ়ি গৈছে আজি
অন্ধকাৰৰ গাঢ়তা,
কিন্তু মোৰ ভাল লাগে সেইবোৰ ,
জোনাকী পৰুৱাৰ
নান্দনিকতাৰ সৈতে
প্ৰেম হয়!
দৃশ্যৰত হয় সেই প্ৰেমৰ বিলাস
জোনাকৰ অনুপস্থিতিত!
No comments:
Post a Comment