- art by Jayaditya Kaita. |
কোনোবাখন প্ৰাচী্ৰৰ সিপাৰে
তেওঁ শুই আছে..
এটি অন্তহীন কঠিন যাত্ৰাৰ শেষত
হৃদয় যাৰ এক নদীৰ নাম
কেবাখনো ৰঙা নৈৰ সিপাৰে
তেওঁ আৰু উভতি নাহে
কেতিয়াও...
তেওঁ নাহিলে কোনে লিখিব,
সুন্দৰী ত্ৰিপুৰাৰ প্ৰসাদবিহীন সেই শাসকবো্ৰৰ্ কথা?
কোনে সুৱঁৰাব
ইন্দিৰা ৰ পৰা মামণি হোৱাৰ
সেই কঠিন যাত্ৰা।
বিশ্বৰ প্ৰতিটো প্ৰান্তৰত এতিয়া প্ৰৱাহিত হয়
তেওঁৰ কলমেৰে নিগৰা
সেই ৰঙা নৈ,
যাৰ সোতঁত বন্দী হয়
সহস্ৰ জীৱনৰ ছবি!
অাজি কচ্চৰ ৰাণ মৰুৰ সুৰ্যাস্তই
তেওলৈ বাট চাই গহীন হৈ পৰিছে...
ন-গ্ৰহৰ বুকুত আজি মাথোন মৌনতা,
যি মৌনতাই তেঁওক জগাব খুজিছে
অনন্ত নিদ্ৰাৰ পৰা
তুমি আহিবানে?
আকৌ সজীৱ হব নে
কপালৰ ৰঙা ফোট টো?
তোমাৰ কবিতাৰ দৰে
সহস্ৰ নীলকণ্ঠই আজি
তোমালৈ বাট চাই আছে!
লিখিবানে তুমি আকৌ এবাৰ
সিহঁতৰ হৃদয়ত লুকাই থকা
মানুহে মানুহক কৰা অপমানৰ দস্তাবেজ?
লিখিবানে.....?
( ড° মামণি ৰয়চম গোস্বামী ৰ ৰচনাৱলীৰ আধাৰত তেখেতৰ ষষ্ঠ মৃতু্্য বাৰ্ষিকী উপলক্ষে একাঁজলী শ্ৰদ্ধাঞ্জলী; ২৯ নৱেম্বৰ)
No comments:
Post a Comment