জোনবাইজনীৰ পিনে চাই
সন্ধ্যাতৰাই কঢ়া এটা হুমুনিয়াহ ।
হুমুনিয়াহ ??
বিশৃংখল মনৰ বিভ্ৰান্ত চিন্তা ।
হুমুনিয়াহ নাছিলি তই ।
সময়ে গোৱা এটি মিঠা সুৰ ।।
তোৰ ঢৌ খেলা চুলিৰ বতাহে
মনত বজাইছিল চিফুংৰ এটি মিঠা সুৰ।
কহুঁৱাৰ দৰে নাচি থকা তোৰ মন আছিল
মোৰ খৰাং হৃদয়ত বৰষুণৰ গান ।
কমিহাড়ঁৰ ফাকেৰে ভুৰুংকে উৰামাৰিচিল
সময়
ফাগুন আহিছিল ।
সপোনে শিপা দিছিল কলিজাত ।
মদাৰ ফুলে লৈছিল মিঠা উশাহ ।
কিন্তু তই বতাহত নাচিছিলি শিমলূৰ তুলাহৈ ।
সুৰবোৰ চাগে মিলা নাছিল ।
" মিলে সুৰ মেৰা তুমহাৰা "
বচ্চন চাহাবৰ কন্ঠত পাইছিলো
ইতিকিংৰ হাঁহি ।
ফুলবোৰ সৰিছিল
আৰু তলভৰা মদাৰে গাইছিল বিষাদৰ গান ।
বাস্তৱ
বন্ধুত্ব ।
বেষ্টফ্ৰেন্ডৰ ধব্বা খোদিত কৰা
এডাল ব্ৰেচলেট ।
আৰু এজাক বেইমান বৰষুণ
আৰু
হৃদয়ৰ আংগনত জংগলী নাচ ।
অন্ধকাৰ গলিবোৰত বিচাৰিছিলো
তোৰ চকুৰ নিচাৰ remedy ।
শুধৰণি
চাগে
তোৰ মোৰ ভালপোৱাৰ বৰণত
পাৰ্থক্য আছিলে ।
চাগে
ভুৰুংকে উৰা মৰা মোৰ মন
চৰাই তোৰ চকুত পৰা নাছিলে ।
চাগে
জোনবাই আৰু ভোটাতৰাৰ কাহিনী
তোৰ মোৰ ছবি আছিলে ।
সামৰণি
হোমৰ জুই আৰু খৰিৰ কথাবৰ্তা
" বন্ধুত্ব যদি প্ৰেম হয় আৰু তাত থাকে একপক্ষীয়তা"
তেখেতৰ নামৰ তোৰ সেন্দুৰে মোৰ পিনে
চাই হাঁহিছিল
আৰু মই হাঁহিছিলো
তোৰ মোৰ বন্ধুত্বৰ নামত।।।
No comments:
Post a Comment