"বাপ্পাও চাই চিটি জ' হা, হাওঁ খুন্ দে মানহু মাৰবা দেখুন হা"
জৈন মন্দিৰ ৰ পৰা হৰি মন্দিৰলৈ অটকধুনিয়া বিজুলিবাটিৰ পোহৰত চৌপাশৰ ৰং বিৰঙৰ ছিট পখিলা বোৰলে দৃষ্টি নিগৰাই আমাৰ যেন এক অবিৰাম যাত্ৰা। ন কইনাৰ ৰূপত নলবাৰী , নিঃছিদ্ৰ নিৰাপত্তা বেষ্টনী আৰু লানি লানি মানুহৰ সোঁত। যিফালেই দৃষ্টি দিওঁ প্ৰসাৰি এক নয়নাভিৰাম সৃষ্টি উঠে উদ্ভাষি।
পেৰিছৰ *আইফেল টাৱাৰ* দেখোন ৰেলগেট ৰ ওচৰত , *দাইনাছোৰাচৰ যুদ্ধ* কিম্বা *বিশ্বত্ৰাশ লাদেনৰ টুইন টাৱাৰ এট্টাক* সমুখত হৈ উঠে উজ্জীৱিত।
যাদুকৰী শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই সুধাকণ্ঠই কন্ঠ নিগৰাই - *"মোৰ গীতৰ হেজাৰ শ্ৰোতা তোমাক নমস্কাৰ"* শুনি সিহৰিত দেহৰ প্ৰতিডাল নোম।
শিল্প কাৰিকৰী দিশৰ পৰা কব গলে ই এক অদ্ভুত সমন্বয় , থলুৱা শিল্পীৰে সৃষ্ট মৃন্ময়ী প্ৰতিমাবোৰে আধুনিক বিদ্যুতিক মাধ্যমৰ আশীৰ্বাদত প্ৰাণৱন্ত হৈ উঠে।
হৰিহৰৰ যুদ্ধত বিষ্ণুৰ সুদৰ্শন চক্ৰ আৰু শিৱৰ ত্ৰিশূল শূন্যত উৰি গৈ সৃষ্টি কৰা *ছপাৰ্কিং* এ সকলোকে মন্ত্ৰমুগ্ধ কৰে।
পুতুনা ৰাক্ষসীৰ ভয়নাক ৰূপ ,মাকবোৰে কয় *" বাচ্চা বেচ্ছি বদমাইচ কল্লি , পুতুনাক দি যাম",* সৰুতে হাত ভৰি পেটত সোমাইছিল।
উৎপতিয়া ডেকাবোৰে *"নিমখৰ মৃন্ময় ভাস্কৰ্য "* সঁচাকৈয়ে নিমখৰ হয় নে জলফাইৰ লগত খাই চাই পৰীক্ষা কৰে । কিযে অজৱ কাণ্ড নলবাৰীৰ ৰাসত - *"জকাই ও হৰে কৃষ্ণ হৰে ৰামৰ কীৰ্তন কৰে"*।
মেলাৰ ফালে চিনাকি চিঞঁৰৰ প্ৰতিধ্যনি , মাত্ৰ পঞ্চাশ টকা " আয়িয়ে একসাথ বাইক অউৰ কাৰ ঘূমেগা - মৃত্যুৰ কুৱা", "বহিঃৰাজ্যৰ যাদুকৰৰ মেজিক", "পৃথিৱীৰ আটাইতকৈ ওখ নহলে চুটি মানুহ অথবা যমজ ভগ্নী গঙ্গা যমুনাৰ প্ৰদৰ্শনী"।
গাঁওৰ শিপিনীয়ে তাঁতশালত স্বৰ্গ ৰচি প্ৰস্তুত কৰা কাপোৰ হস্ততাত বস্ত্ৰমেলাৰ প্ৰধান আকৰ্ষন , ন কইনা জনীয়ে মৰমেৰে চাই পতি দেৱতাৰ ফালে *"একজুৰ লউ দক ন"*।
ইচঃ কেনেকৈ যে পাহৰিব পাৰো শান্তিৰক্ষা বাহিনীৰ তৎপৰতা। মাইক্ৰ ফোনৰ আহ্বান - *"উলাবৰী গাঁওৰ পৰা অহা ৰাকেশ ৰঞ্জন, আপোনাক বিচাৰি আপোনাৰ পিতৃয়ে শান্তিৰক্ষা কাৰ্যালয়ত অপেক্ষা কৰি আছে"*; "যাত্ৰীসকললৈ ঘোষণা আমি এটা samsung মোবাইল ফোন আৰু মানিবেগ উদ্ধাৰ কৰিছোঁ উপযুক্ত প্ৰমাণ দি লৈ যাব পাৰে"।
শৰৎৰ শেৱালিবোৰ যেতিয়া পুদুলি উপচি পৰে, হৃদয়ত শাৰদী কোমল জোনাক মায়াৰে প্ৰেমৰ আগমন ঘটে। বিৰহৰ যন্ত্ৰণাত দগ্ধ প্ৰেমিকযুগলে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰে হাতে হাত থৈ প্ৰেমৰ ৰম্যভূমিত বিচৰণ কৰিবলৈ। টোপোলাৰ পৰা *popcorn* অথবা *ৰঙীন চান্দপাপৰি* ইজনে আনজনক মৰমতে খুৱাই দিয়া , *ফুচকা* খাই ওলোৱা চকুপানী মচি দিয়া আৰু প্ৰেমৰ মৌ সনা মিঠা জেলেপী সোৱাদ - আহঃ কি যে এক অনুভূতি ।
*ভ্ৰাম্যমান থিয়েটাৰ* নামনিৰ নয়নৰ মণি। নলবাৰীৰ ৰাইজৰ বুকুৰ ঢপঢপনি ভ্ৰাম্যমান । দিন হাজিৰা কৰা পেটৰ ভাত মোকোলোৱা আমাৰ সৰল মানুহবোৰেও মনৰ খুদুৱনিত ৰব নোৱাৰি প্ৰস্তুতি , মৃদুল ভূঞা , তপন দাস আদিৰ হৃদয়স্পৰ্শী অভিনয় চাবলৈ প্ৰেক্ষাগৃহত পৰ দিয়ে।
*ৰাস মহোৎসৱ আমি নলবেইৰা ৰাইজৰ হিয়াৰ স্পন্দন। আজি আপোনালোকৰ ওচৰত দাঙি ধৰিলো সেই হিয়াৰ পৰা সৃষ্ট মোৰ এই চমু আস্ভাষণ।*
No comments:
Post a Comment