পদমুখত মোৰ আজি
নৈশ অন্ধকা্ৰৰ্ গভীৰতা,
মনৰ আকাশত
উদ্যম সূৰ্য্যৰ আলোক।
অন্তৰৰ্ কোণত যেন
বাজি উঠিছে ....
নেত্ৰাৱদ্ধ ধৰিত্ৰীয়ে আকোৱালি লৈছে
চিৰকালৰ স্থবিৰতা,
কিন্তু হৃদয়ে মোৰ বিচাৰিছে পথ,
এক অন্তহীন যাত্ৰা।
জীৱনৰ প্ৰতিযোগীতাই ঘোষণা কৰিছে
সীমাহীন ব্যৰ্থতা,
ইয়াৰ মাজেৰেই বিচাৰো কিয় মই
জীয়াই থকাৰ সাৰ্থকতা।
দুখৰ বোকোচাত সুখ বিচাৰিছো
অপূৰ্ণ স্বপ্নৰ আঁত ধৰিব খোজা
এয়া মোৰ জীৱনতৃষ্ণা।
No comments:
Post a Comment